মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড

আমাৰ লক্ষ্য আৰু অভিযান

লক্ষ্য

শক্তি সুৰক্ষাই ৰাজ্যখনৰ আৰ্থিক বিকাশত এক কেন্দ্ৰীয় ভূমিকা পালন কৰিছে। এ.এইচ.ই.চি.এলে. বহুতো নতুন প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শক্তি, উত্পাদন, কাৰ্যকৰী আৰু সংৰক্ষণ কৰি ৰাজ্যখনলৈ শক্তি সুৰক্ষা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

অভিযান

অসম ৰাজ্য দ্ৰুতগতিত উন্নতিৰ পথেৰে আগবাঢ়ি আছে আৰু ইয়াৰ লোকসকলৰ জীৱন-শৈলীও তাত্পৰ্পূৰ্ণভাৱে উন্নত হৈছে। তাত্পৰ্যপূৰ্ণভাৱে শক্তিৰ চাহিদাও বাঢ়ি গৈ আছে। ইয়াৰ জনসংখ্যাৰ উদীয়মান লক্ষ্য আৰু আকাংক্ষাসমূহৰ বাবে অসমৰ শক্তি খণ্ড তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ আছে। ক্ৰ-পৰিদৃশ্যমান শক্তি সংকট হ্ৰাস কৰিবৰ বাবে, অসমে সোৰ, জল, গেছ, বায়ু আৰু তাপীয় শক্তিৰ দৰে নবীকৰণ যোগ্য শক্তিৰ উত্সসমূহগ্ৰহণ কৰিব লাগিব। সেয়েহে, নবীকৰণযোগ্য শক্তিৰ উত্সসমূহক শক্তি সংকট সমাধানৰ বাবে দীৰ্ঘম্যাদী উপায় হিচাপে ধৰা হয়। ভৱিষ্যতত হব পৰা বৃহত্ শক্তি বিভ্ৰাটসমূহ দূৰ কৰিবলৈ, অসমে প্ৰাথমিক শক্তি উত্সসমূহৰ পৰা নবীকৰণযোগ্য শক্তিৰ উত্সসমূহলৈ পৰিৱৰ্তন হোৱাটো প্ৰয়োজন। জীৱাশ্ম ইন্ধনৰ ক্ৰমহ্ৰাসমান সঞ্চয়ৰ ওপৰত নিৰ্ভৰশীলতা কম কৰিবলৈ আৰু পৰিৱৰ্তনত জলবায়ু প্ৰশমিত কৰিবলৈ পেট্ৰলিয়াম ভিত্তিক শক্তি ব্যৱস্থাৰ পৰা নবীকৰণযোগ্য সম্পদভিত্তিক এক ব্যৱস্থালৈ অৱস্থান্তৰ হোৱাৰ বাবে এক জৰুৰী প্ৰয়োজন আহি পৰিছে। এ.এইচ.ই.চি.এল.ৰ সঞ্চালকসকলৰ পৰিষদে বহুতো সভাত এই বিষয়ে ইচ্ছা প্ৰকাশ কৰিছে আৰু শক্তিৰ বিকল্প উত্সসমূহৰ ওপৰত প্ৰকল্প গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰম্ভণি হিচাপে, এল.ই.ডি. লাইট ব্যৱহাৰ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ জৰিয়তে কোম্পানীয়ে ক্তি সক্ষমতাৰ ওপৰত প্ৰকল্প গ্ৰহণ কৰিছে। কোম্পানীয়ে হাইড্ৰকাৰ্বন উত্পাদনৰ ব্যৱসায় চলাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।