মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড

নবীকৰণযোগ্য শক্তি

প্ৰাকৃতিক শক্তি উত্স, যাক নবীকৰণযোগ্য শক্তি উত্স বুলি কোৱা হয়, অবিৰতভাৱে পৰিৱেশত সংঘটিত প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু শক্তিৰ দ্বাৰা উত্পাদিত হৈ থাকে। সাধাৰনতে নবীকৰণযোগ্য শক্তি উত্সসমূহ হল, পৰিৱেশত প্ৰচুৰভাৱে উপলব্ধ শক্তিৰ অনন্ত উত্স।

নবীকৰণযোগ্য শক্তিৰ উত্সৰ বিভিন্ন প্ৰকাৰসমূহ হল-

  • সৌৰ শক্তি
  • বায়ু শক্তি
  • জৈৱ-ইন্ধন শক্তি
  • জল শক্তি
  • ভূ-শক্তি
  • জোৱাৰ-ভাটা শক্তি

সৌৰ শক্তি-

বৰ্তমান বিদ্যুত আৰু উত্তাপ উত্পাদন কৰাৰ বাবে সৌৰ শক্তি হল আটাইতকৈ জনপ্ৰিয় প্ৰকাৰ। সৌৰ ফটোভলটেইক প্ৰভাৱৰ জৰিয়তে পোহৰ শক্তি বিদ্যুত শক্তিলৈ পৰিৱৰ্ত্তিত হয়।

সৌৰ শক্তি পুনৰ দুটা শ্ৰেনীলৈ বিভাজন কৰিব পাৰি

  • সৌৰ পি.ভি.
  • সৌৰ থাৰ্মেল

সৌৰ পি.ভি. ব্যৱস্থা-

সৌৰ পি.ভি. ব্যৱস্থাই সূৰ্য্যৰ বিকিৰনক ফটোভেলটেক প্ৰভাৱৰ জৰিয়তে বিদ্যুতলৈ ৰুপান্তৰিত কৰে। সৃষ্ট বিদ্যুত বেটাৰীত সঞ্চিত হৈ থাকে, যিটো বহুতো প্ৰয়োগৰ বাবে ব্যৱহাৰ কৰা হয়।

সৌৰ পি.ভি. ব্যৱস্থাৰ মৌলিক উপাদান সমূহ এনে ধৰনৰ-

  • সৌৰ গুনাংক
  • বেটাৰী
  • ইনভাৰ্টাৰ
  • চাৰ্জ কন্ট্ৰলাৰ
  • মেক্সিমাম পাৱাৰ পইন্ট ট্ৰেকাৰ

সৌৰ তাপীয় শক্তি-

সৌৰ থাৰ্মেল প্ৰযুক্তিত সৌৰ বিকিৰণ, তাপ শক্তিলৈ ৰুপান্তৰিত হয়। সৌৰ বিকিৰণক তাপ শক্তিলৈ পৰিবৰ্তন কৰিবৰ বাবে সৌৰ সংগ্ৰাহক নামৰ এক আহিলা ব্যৱহাৰ কৰা হয়। সৌৰ পানী উত্তাপক বহুলভাৱে হস্পিতালসমূহ, হোটেল আৰু অন্যান্য বৃহ্ত খণ্ডৰ প্ৰতিষ্ঠান সমূহত, বহুতো ক্ষেত্ৰত ব্যৱহৃত গৰম পানী উত্পাদনৰ বাবে ব্যৱহাৰ কৰা হয়।

বায়ু শক্তি

এটা গতিশীল বস্তুৱে ইয়াৰ গতিৰ বাবে শক্তি অধিকাৰ কৰে, ইয়াক গতিশক্তি বুলি কোৱা হয়। সোইদৰে, পৃথিৱীৰ চাৰিওফালে থকা বায়ু বা বতাহৰ ধাৰাই গতিশীল পোষণ কৰে। প্ৰবাহিত বায়ুৰ গতি শক্তিকে বায়ু শক্তি বুলি কোৱা হয়। আমাৰ বায়ুমণ্ডলৰ বতাহৰ ধাৰা হল প্ৰধানতঃ সূৰ্য্যৰ দ্বাৰা পৃথিৱী পৃষ্ঠ অসমানভাৱে উত্তাপিত হোৱাৰ কাৰণে সৃষ্ট। এইদৰে, বায়ুশক্তি হল সূৰ্য্যৰ শক্তিৰ পৰোক্ষ উদ্দীপন। বায়ু শক্তিৰ নবীকৰণ যোগ্য আৰু প্ৰদুষন মুক্ত ক্ষমতাৰ উত্স হোৱাৰ ভাল সম্ভাৱনা আছে। পৃথিৱী পৃষ্ঠত পতিত হোৱা সৌৰ শক্তিৰ ১ৰ পৰা ৩ শতাংশ বায়ু শক্তিলৈ পৰিবৰ্তিত হয়। বায়ু শক্তি বিদ্যুত শক্তিলৈ হোৱা ৰুপান্তৰ হল আটাইতকৈ সফল নবীকৰণযোগ্য শক্তি প্ৰযুক্তিবিদ্যাৰ অন্যতম এটা।

জৈৱ ইন্ধন শক্তি

জৈৱ ইন্ধনে জীৱন প্ৰক্ৰিয়াসমূহৰ পৰা উত্পাদিত জীৱতাত্বিক উত্পাদনসমূহৰ স্তূপ নিৰ্দ্দেশ কৰে। ইয়াত উদ্ভিদ তথা জীৱ-জন্তুৰ পৰা আহৰণ কৰা উপাদানসমূহ অন্তৰ্ভুক্ত হৈ থাকে। ৰাসায়নিকভাৱে জৈৱ ইন্ধনে হাইড্ৰজেন, কাৰ্ব আৰু অক্সিজেন সন্নিৱিষ্ট হৈ থকা উপাদানসমূহ নিৰ্দেশ কৰে। উদ্ভিদ, গছ-গছনি, কৃষিজাত শস্যসমূহ, অৰণ্য, ঘৰুৱা পেলনীয়া সামগ্ৰী আৰু কাঠ আদিৰ দৰে অসংখ্য উত্সৰ পৰা আমি জৈৱ-ইন্ধন নিষ্কাষণ কৰো। আমাৰ শক্তি প্ৰয়োজনীয়তালৈ জৈৱ ইন্ধনৰ বৰঙণি খাদ্য আৰু ইন্ধনৰ ৰূপত আহে। জৈৱ ইন্ধনৰ ব্যৱহাৰেৰে পূৰণ হৈ থকা বিভিন্ন অন্যান্য প্ৰয়োজনীয়তা আছে, যেনে- আশ্ৰয়স্থলৰ প্ৰস্তুতি, জন্তুৰ বাবে খাদ্, মাটিৰ বাবে পৰিপোষক ইত্যাদি। পৃথিৱীৰ আদিম অধিবাসীসকলে উত্তাপৰ বাবে তেওঁলোকৰ শিবিৰসমূহত খৰি জ্বলাইছিল আৰু তেতিয়াৰ পৰা মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে ই শক্তিৰ উত্স হৈ আহিছে। নবীকৰণযোগ্য শক্তিৰক উত্স হিচাপে, জৈৱ-ইন্ধনে বিভিন্ন ৰূপত ইয়াৰ সকলো প্ৰয়োজনীয়তা, জৈৱ ইন্ধনৰ উত্পাদন আৰু উপভোগৰ মাজৰ ভাৰসাম্য বজাই ৰাখি, পূৰণ কৰিবলৈ সক্ষম হোৱা উচিত।

গছ-গছনি, গৰুৰ গোবৰ, গছৰ পাতৰ দৰে জৈৱ পচনশীল সামগ্ৰীসমূহৰ পৰা শক্তি সৃষ্টি কৰিব পাৰি। এই সামগ্ৰীসমূহ উচ্চ হাইড্ৰকাৰ্বনযুক্ত আৰু জ্বলালে শক্তি এৰি দিয়ে। ইন্ধন সৃষ্টি, জৈৱ ইন্ধন শক্তিৰ মুখ্য প্ৰয়োগ, যিটো যানবাহনৰ লগতে যান-বাহন সংক্ৰান্তীয় উপযোগৰ বাবে ব্যৱহাৰ কৰা হয়। জৈৱ ডিজেল হল জৈৱ ইন্ধনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উত্পাদনসমূহৰ ভিতৰত অন্যতম এটা। জৈৱ-ইন্ধনৰ পৰা পোৱা ৰন্ধন গেছ, যাক জৈৱ গেছ বুলিও কোৱা হয়, শক্তিৰ এটা গুৰুত্বপূৰ্ণ উত্স। গেছীয়কৰণ নামৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জৈৱ ইন্ধনক ইন্ধন গেছলৈও পৰিৱৰ্তন কৰিব পাৰিব, যি ইঞ্জিনত ডিজেলৰ ঠাইত ব্যৱহাৰ কৰিব পাৰি।

জল শক্তি

উচ্চস্থানত ৰাখি থোৱা এটা বস্তুত সম্ভাৱ্য শক্তি নামৰ এক শক্তি পোষিত হৈ থাকে বুলি কোৱা হয়, কাৰণ পচনশীল বস্তুৱে কিছু শক্তি যোগান ধৰিব পাৰে। উদাহৰণস্বৰূপে, জল শক্তি প্ৰতিষ্ঠানত এটা নিৰ্দিষ্ট উচ্চতাৰ পৰা পতিত পানীৰ শক্তি বিদ্যুত্ শক্তি সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয়। এটা উচ্চতাৰ পৰা পতিত পানীত সম্ভাৱ্য শক্তি সঞ্চিত হৈ থাকে। এই শক্তিক তেতিয়া, বিদ্যুত উত্পাদনৰ বাবে জল ঘূৰ্ণযন্ত্ৰ আৱৰ্তন কৰিবৰ বাবে ব্যৱস্থাৰ কৰিব পাৰি।

ভূতাপীয়-শক্তি

পৃথিৱীখন হল এক বৃহত্ পৰিমণ্ডল। এই পৰিমণ্ডলৰ পৃষ্ঠভাগ শীতল কিন্তু কেন্দ্ৰভাগ এতিয়াও অত্যন্ত উত্তপ্ত। পৃথিৱীৰ অন্তঃস্থল হল এক ৰংহীন তৰল, যিটো প্ৰায় ৫০০০ ডিগ্ৰী চেলছিয়াছৰ অতি উচ্চ উষ্ণতাত থাকে, যত পৃথিৱী পৃষ্ঠৰ উষ্ণতা হল ১০০ ডিগ্ৰী ছেলচিয়াছতকৈ কম। অতিমাত্ৰা উষ্ণতাৰ বাবে, উষ্ণতা আৰু বিদ্যুত্ উত্পাদনৰ বাবে উষ্ণতা পৰিবহন ব্যৱহাৰ কৰিব পাৰি। বিদ্যুত উত্পাদনৰ বাবে তথা তাপ প্ৰক্ৰিয়াকৰণৰ বাবে ভাপ সৃষ্টিৰ দৰে অন্তিম প্ৰয়োগলৈ পৃথিৱীত সৃষ্ট তাপ, ৰূপান্তৰৰ বাবে বিশেষ ধৰণৰ তাপ বিনিময়কাৰী ব্যৱহাৰ কৰা হয়।

জোৱাৰ ভাটা শক্তি

জোৱাৰ ভাটা শক্তিৰ জোৱাৰ ক্ষমতা হল জনশক্তিৰ ৰূপ যিয়ে জোৱাৰৰ পৰা লব্ধ শক্তিক, শক্তিৰ উপযোগী ৰূপ, বিশেষকৈ বিদ্যুতলৈ পৰিৱৰ্তন কৰে। যদিও এয়া বহুলভাৱে ব্যৱহৃত নহয়, জোৱাৰ সক্তিৰ ভৱিষ্যত শক্তি সৃষ্টিৰ বাবে সম্ভাৱনা আছে।

নবীকৰণযোগ্য শক্তি