মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড

অসম আৰু তেল

অসম আছিল সেই আৰম্ভণিৰ বিন্দুটো, যাৰ পৰা ১৯ শতিকাত ভাৰতৰ তেল উদ্যোগে উন্নতিৰ জখলাত বগাবলৈ আৰম্ভ কৰিছিল। উজনি অসমৰ জিলাসমূহত পৰিলক্ষিত হোৱা বহুতো তেল নিৰ্গমনৰ ঘটনাই পূৰ্ণমাত্ৰাত বহুতো মানুহক খনন আৰম্ভ কৰোৱাইছিল। যদিও এই প্ৰচেষ্টা সমূহে মিশ্ৰিত সফলতাৰ মুখ দেখিছিল, ১৮৮৯-১৮৯০ চনত বানিজ্যিকভাৱে কাৰ্য্যকৰী উতপাদন কৰিবলৈ ডিগবৈস্থিত ১নং খাদে তেল উতপাদন কৰিছিল। ১৮৯৯ চনত ডিগবৈ-মাকুম অঞ্চলত তেলৰ স্বাৰ্থ হাতত লবৰ বাবে অসম তেল কোম্পানী গঠন কৰা হৈছিল আৰু ১৯০১ চনত এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ, ডিগবৈ শোধনাগাৰ, দৈনিক প্ৰায় ৫০০ বেৰেল তেল শোধন কৰিব পৰা সক্ষমতাৰে স্থাপন কৰা হৈছিল। সেই সময়ৰে পৰা, কলা সোণ অৰ্থাত পৃথিৱীয়ে যাক পেট্ৰলিয়াম বুলি কয়, তাক অন্বেষণ, উতপাদন আৰু শোধন কৰাৰ ক্ষেত্ৰত সবলৰ পৰা সবলতৰ হৈছে। বৰ্তমানে অসমে ভাৰতৰ খনিজ উতপাদনৰ ১৫ শতাংশৰ কাৰবাৰ কৰে, যিটো ভাৰতৰ তেল আৰু প্ৰাকৃতিক গেছৰ সমস্ত উপকূলীয় উত্পাদনৰ ৫০ শতাংশ। তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু অইল ইণ্ডিয়া লিমিটেডৰ দৰে সুবৃহত অন্বেষক আৰু উত্পাদকসমূহে ইয়াৰ বিভিন্ন তৈল ক্ষেত্ৰসমূহৰ জৰিয়তে সফলভাৱে কাৰ্য্য কৰি আছে। দেশখনৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক শোধনাগাৰ অসমৰেই আছে, যি হল একমাত্ৰ এই খন ৰাজ্যৰ দ্বাৰা উত্পাদিত তেলৰ পৰিমাণৰ সাক্ষী। ডিগবৈ শোধনাগাৰ, যিয়ে ১৯০১ চনত বাণিজ্যিক উত্পাদন আৰম্ভ কৰিছিল, বৰ্তমান ইণ্ডিয়ান অইল কৰ্পোৰেচন(অসম অইল খণ্ডৰ)ৰ অধিকাৰভূক্ত আৰু ইয়াৰ ০.৬৫ এম.এম.টি.পি.এ. পেট্ৰল, কেৰাচিন, ডিজেল আৰু অন্যান্য পেট্ৰলিয়ামজাত সামগ্ৰী উত্পাদন কৰাৰ সক্ষমতা আছে। ১৯৬২ চনত গুৱাহাটী শোধনাগাৰ স্থাপন কৰা হৈছিল, সেইটোও ভাৰত তেল নিগম লিমিটেডৰ অধিকাৰভুক্ত। ই ৩.০০ এম.এম.টি.পি.এ. পৰিমাণৰ ৰন্ধন গেছ (LPG), পেট্ৰল, কেৰাচিন, ডিজেল, ইন্ধন তেল, কোক কয়লা আদি উত্পাদন কৰে। ৰাজ্যখনত তৃতীয়টো শোধনাগাৰ ১৯৬২ চনত বঙাইগাওঁ ওচৰৰ ঢালিগাওঁত স্থাপন কৰা হৈছিন। ২.৩৫ এম.এম.টি.পি.এ. উতপাদনৰ সৈতে ইয়াক বঙাইগাওঁ শোধনাগাৰ আৰু পেট্ৰকেমিকেলচ লিমিটেড(BRPL) নামেৰে জনা যায়। শেহতীয়াভাৱে ১৯৯৯ চনত গোলাঘাট জিলাৰ নুমলীগড়ত, ৩ মিলিয়ন টন তেল আৰু অন্যান্য সামগ্ৰীৰ শোধনৰ সক্ষমতাৰে অসমত চতুৰ্থ শোধনাগাৰটো স্থাপন কৰা হৈছিল। এই সমুহৰ বাহিৰেও ৰাজ্যখনত এটা গেছ ক্ৰেকাৰ গোট আৰু এক সংহত পেট্ৰকেমিকেল কমপ্লেক্সৰ প্ৰস্তুতি চলি আছে। এইচ.ডি.পি.ই./এল.এল.ডি.পি.ই. ২,২০,০০০ টি.পি.এ. আৰু পলিপ্ৰপিলিন হল ৬০,০০০ টি.পি.এ. শেহতীয়া ৪ বছৰ বা তেনে কালত, ব্যক্তিলত খণ্ড/যুটীয়া উদ্যোগৰ কোম্পানীসমূহে ৰাজ্যখনত ৩২ টা তাত্পৰ্য্যপূৰ্ণ হাইড্ৰকাৰ্বন আৱিস্কাৰ কৰিছে।

তেল অন্বেষণ আৰু উত্পাদন খণ্ডত, অসমৰ মুখ্য কৰ্তাসমূহ হল অইল ইণ্ডিয়া লিমিটেড (OIL) আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগম পৰিসীমিত (ONGC) যিয়ে অসমৰ সম্পদ হিচাপে কাৰ্য্য কৰি আছে, বৰ্তমান তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ১৫ খন তৈলক্ষেত্ৰত বিয়পি ৫১টা প্ৰতিষ্ঠান আছে। অতিৰিক্তভাৱে, তেওঁলোকে ২৩০ কি. মি. জোৰা ট্ৰাংক পাইপলাইন আৰু ২০০০ কি. মি. জোৰা প্ৰৱাহিত প্ৰণালীৰ নেটৱৰ্কৰ গৌৰৱ অনুভৱ কৰে। বিগত পাচঁ বছৰত কোম্পানীটোৱে অসমৰ তৈল ক্ষেত্ৰসমূহৰ সমকক্ষ ৭.২৮ পৰিমাণৰ তেল আৰু গেছ উত্পন্ন কৰিছে।

দুলীয়াজানত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয় থকা অইল ইণ্ডিয়া লিমিটেডৰ উত্তৰ পূৰ্বাঞ্চলত ১ লাখ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰৰে সৈতে গৰিষ্ঠতা আছে। যুক্তিগতভাৱে কঠিন অঞ্চলটোত ই ও পি কাৰ্যকলাপৰ বৃহত্ অভিজ্ঞতাৰে অইল ইণ্ডিয়া লিমিটেডে 2D আৰু 3D ভূকাম্পিক অধ্যয়নৰ বাবে অত্যাধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰে। ১২৫০টাতকৈও অধিক খাদত খনন কৰাৰ অভিজ্ঞতাপুষ্ট, প্ৰতি বছৰে ৩ এম.টি.পি.এ. পৰিমাণৰ খনিজ, ৫ এম.এম.এছ.চি.এম.ডি. পৰিমাণৰ তেল হল ই আৰু পি নিষ্পাদক। ই লগতে ১১৫৭ কিলোমিটাৰ জোৰা সম্পূৰ্ণভাৱে স্বয়ংক্ৰিয় খনিজ তেল পাইপ লাইনেৰে, উজনি অসমত ইয়াৰ ক্ষেত্ৰসমূহৰ পৰা নুমলীগড়, গুৱাহাটী, বঙাইগাঁও আৰু বাৰাউনীত থকা ৰাজহুৱা তেল শোধনাগাৰসমূহলৈ খনিজ পৰিবহন কৰাৰ গৰ্ব কৰে। 

২০০৬ চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা ১৯৫৬ চনৰ কোম্পানী আইনৰ অধীনত প্ৰাথমিকভাৱে হাইড্ৰকাৰ্বন আৰু শক্তিৰ অন্যান্য উত্স অনুসন্ধানৰ লক্ষ্যৰে অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড সমিতিবদ্ধ কৰা হৈছিল। 

অসম আৰু তেল